Surprise Me!

কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।

2025-01-13 0 Dailymotion

বৰপেটা : এখন বিশেষ হাট ৷ যিখন হাটত বিক্ৰেতা হিচাবে আছে কেৱল শিক্ষাৰ্থী আৰু ক্ৰেতা হিচাবে আছে শিক্ষক, অভিভাৱক আৰু অন্যান্য জ্যেষ্ঠ লোক ৷ এই বিশেষ হাটখনত উপলব্ধ হৈছে ঘৰতে প্ৰস্তুত কৰা ভোগালীৰ বিভিন্ন জলপানৰ পৰা আদি কৰি লাড়ু, পিঠা, বিভিন্ন পাচলি ইত্যাদি ৷

ভোগালী বিহু উপলক্ষে আয়োজন কৰা এই হাটখন আছে বৰপেটাত ৷ সোমাবৰে বৰপেটা শংকৰদেৱ শিশু নিকেতনৰ প্ৰাংগনত আয়োজন কৰা হৈছে এই বিশেষ ভোগালী হাট মেলা ৷ য’ত অংশ লৈছে বিদ্যালয়ৰে একাংশ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে ।

শিশু নিকেতনৰ এগৰাকী আচাৰ্য কয়, ‘‘এই ভোগালী হাট মেলাৰ জৰিয়তে শিশুসকলক ভোগালী বিহুৰ পৰম্পৰাৰ সৈতে পৰিচয় কৰোৱাৰ লগতে তেওঁলোকৰ মাজত ব্যৱসায়িক দৃষ্টিভংগী গঢ়ি তোলাৰো প্ৰয়াস কৰা হৈছে । বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হিচাপ নিকাচৰ জ্ঞান প্ৰদান কৰা, ব্যৱসায়িক মনোভাৱ গঢ় দিয়া আৰু ভোগালী বিহুৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰ সৈতে নতুন প্ৰজন্মক জড়িত কৰি সামগ্ৰী বিক্ৰীৰ জৰিয়তে আনন্দ প্ৰদানৰ লক্ষ্যৰে এই হাট মেলাৰ আয়োজন কৰা হৈছে ৷’’

লগতে পঢ়ক : ভোগৰ জলপানৰ সোৱাদ বিচাৰি যাওঁ আহক ভোগালীৰ থলুৱা বজাৰলৈ

লগতে পঢ়ক : উৰুকাত নগাঁৱৰ মীন বিভাগৰ মাছৰ বজাৰত গ্ৰাহকৰ হেতা-ওপৰা

Buy Now on CodeCanyon