Surprise Me!

গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।

2025-01-16 1 Dailymotion

Intro:গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গোলাঘাটত টাই আহোম ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন।Body:দুদিন পুৰ্বে মঞ্চত গীত পৰিৱেশন কৰি থাকোতে আকস্মিক ভাৱে মৃত্যু হোৱা গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে গোলাঘাট জিলাৰ সাধাৰণ জনতা। কোনেও শিল্পী গৰাকীৰ মৃত্যু সাধাৰণ ভাৱে ল'ব পৰা নাই। এই জাতি, মাটি, ভেটিৰ গীত গোৱা শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি গোলাঘাট নগৰৰ চুক্যাফাৰ প্ৰতিমূৰ্ত্তিৰ তলত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতি আৰু মহকুমা সমিতিৰ উদ্যোগত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক গৌতম লাহন গোলাঘাট জিলা সমিতিৰ সভাপতি, সম্পাদক, মহকুমা সমিতিৰ সভাপতি, সম্পদকৰ লগতে গোলাঘাটৰ জেষ্ঠ সাংবাদিক অপুৰ্ব বল্লৱ গোস্বামীয়ে অংশগ্ৰহণ কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক গৌতম লাহনে অংশগ্ৰহণ কৰি কয় যে অতিকৈ মৰ্মাহত হৈছোঁ যে আমাৰ শ্ৰদ্ধাৰ গণশিল্পী ৰাজীৱ তথা ৰাইজৰ শিল্পী ৰাজীৱ শদিয়া দুদিনৰ পুৰ্বে পৰলোক প্ৰাপ্তি হৈছে আমি টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ লগতে গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি গোলাঘাট জিলাৰ নগৰৰ মাজমজিয়াত অৱস্থিত চুক্যাফা আৱৰ্ক্ষ মুৰ্ত্তিৰ তলত তেখেতৰ মৃত্যুৰ তৃতীয় দিনা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু মহকুমা সমিতিৰ সহযোগত তেওঁৰ আত্মাৰ চিৰ শান্তি কামনা বাবে বন্তি প্ৰজ্বলন কৰিছোঁ। তেওঁ য'তেই থাকক তেওঁৰ আত্মাৰ চিৰ শান্তি লাভ কৰক সেইয়া কামনা কৰিছোঁ।Conclusion:Byte গৌতম লাহন প্ৰচাৰ সম্পাদক কেন্দ্ৰীয় সমিতি গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ E TV BHARAT

Buy Now on CodeCanyon