চামগুৰি : ১১২ সংখ্যক নগাঁও ভোগালী বিহু উৎসৱৰ আজি নিশা সামৰণি পৰিল । সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতিৰ উদ্যোগত যোৱা ১৩ জানুৱাৰীৰ পৰা চহৰৰ কলঙৰ বাকৰি নেহৰুবালিত অনুষ্ঠিত হৈ থকা ভোগালী বিহু উৎসৱৰ আজি অন্তিম দিনা নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত হয় । মৰিকলং বিলত এই প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ মৰিকলং বিলত অনুষ্ঠিত নাওখেল প্ৰতিযোগিতা উপভোগ কৰিবলৈ সহস্ৰাধিক লোকে ভীৰ কৰে । আঠটা নাওখেল দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে । এই অনুষ্ঠানত বিহু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক ৰূপক শৰ্মাৰ লগতে বিহু উৎসৱ সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে । উল্লেখ্য় যে ১১২ বছৰ গৰকা নগাঁও ভোগালী বিহু উৎসৱত এইবাৰ নতুনকৈ নাওখেল প্ৰতিযোগিতা সংযোজন কৰা হৈছে । ইপিনে,সন্ধিয়া অনুষ্ঠিত হয় বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান ।

লগতে পঢ়ক:বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত উখল-মাখল কলঙৰ বাকৰি - NAGAON BHOGALI FESTIVAL

ভোগালীৰ উৰুকাৰ মাদকতা ল'লে ম্যুং মাও দেশৰ ছ্যুকাফাৰ বংশধৰে - SUKAPHAA DESCENDANTS VISIT MORAN