Surprise Me!

বৰাক নৈত গা ধুবলৈ গৈ সন্ধানহীন মনু, জীৱন্তে উদ্ধাৰ এজনক

2025-05-19 2 Dailymotion

<p>শিলচৰ: নৈত সাঁতুৰি থাকোতেই পানীত ডুব গ’ল দুই বন্ধু । স্থানীয় এগৰাকী সাহসী যুৱকৰ প্ৰচেষ্টাত এজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বাতৰি লিখা পৰলৈকে সন্ধানহীন হৈ আছে আনজন যুৱক । এই ঘটনাটো সংঘটিত হৈছে শিলচৰ মধুৰবন্ধ অঞ্চলত ।</p><p>জানিব পৰা মতে, স্থানীয় দুই বন্ধুৱে ঘৰৰ কাষতে থকা বৰাক নৈত গা ধুবলৈ গৈছিল । নৈত সাঁতুৰি থাকোতেই হঠাতে পানীত ডুব যায় দুয়ো । এই ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় তাহেল আহমেদ নামৰ এক যুৱকে নৈত ডুব যোৱা দুজনক উদ্ধাৰৰ বাবে চেষ্টা কৰে । যুৱকজনে ডুব যোৱা দুজনৰ ভিতৰত এজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে চকুৰ পচাৰতে আনজন যুৱক নৈৰ পানীত সন্ধানহীন হৈ পৰে  ৷</p><p>আনহাতে, এই ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত এছ ডি আৰ এফৰ লোক উপস্থিত হৈ সন্ধানহীন যুৱকজনক বিচাৰি আৰম্ভ কৰে অভিযান ৷ কিন্তু বাতৰি যুগুত কৰা পৰলৈকে যুৱকজনৰ কোনো সন্ধান লাভ কৰিব পৰা নাই অভিযানকাৰী দলটোৱে । নৈত সন্ধানহীন হোৱা যুবকজন মধুৰবন্ধ পি এইচ ই ৰোডৰ মনু হুছেইন লস্কৰ বুলি জানিব পৰা গৈছে ।</p>লগতে পঢ়ক : নৈপৰীয়াৰ ত্ৰাণকৰ্তা অচ্যুত: তিনি দশকত নিৰ্মাণ কৰিছে পাঁচ সহস্ৰাধিক নাও</a>

Buy Now on CodeCanyon