Surprise Me!

হোটেল কৰ্মচাৰীৰ কাজিয়াই ল'লে চূড়ান্ত ৰূপ; এজনক হত্যা

2025-08-02 13 Dailymotion

সৰুপথাৰ : সৰুপথাৰ সমজিলাৰ সৰুপথাৰ নগৰৰ মাজমজিয়াত সংঘটিত হৈছে এক হত্যাকাণ্ড । হোটেল মনালিছাত সংঘটিত হৈছে এই হত্যাকাণ্ড । সুৰামত্ত ৪ কৰ্মচাৰীৰ মাজত হোৱা কাজিয়াত হোটেলখনত নতুনকৈ কৰ্মত নিয়োগ হোৱা অজয় মোদী (২০) নামৰ কৰ্মচাৰীজনক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । নিহত অজয়ৰ ঘৰ চুঙাজানত বুলি জানিব পৰা গৈছে ।

হোটেলখনৰ পৰঠা বনোৱা কাৰিকৰজনে এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । হত্যাকাণ্ড সংঘটিত কৰিয়ে অভিযুক্ত বিপুল শৰ্মা (৩৪) নামৰ লোকজনে পলায়ন কৰে । আনহাতে, সোধা-পোছাৰ বাবে অলিল কাৱাৰ (১৮), প্ৰদীপ কৰ্মকাৰক (৪৫) আটক কৰে সৰুপথাৰ আৰক্ষীৰ । ঘটনাস্থলীত উপস্থিত হয় সৰুপথাৰ সমজিলা আৰক্ষী বিষয়া । ইতিমধ্যে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

হোটলখনত কৰ্মৰত এগৰাকী মহিলাৰ স্বামীয়ে কয়, "ল'ৰাজন হোটেলত কাম কৰিবলৈ অহা বেছি দিন হোৱা নাই, ৩ তাৰিখে এমাহ হ'বহে । ৰাতি ধৰি মাৰি পেলালে । পৰঠা বনোৱা কাৰিকৰে ধৰি মাৰি পলাই গ'ল । পৰঠা বনোৱা লোকজনো বেছি দিন হোৱা নাই, নতুনকৈয়ে অহা । আগতে পৰঠা বনোৱা কাৰিকৰ বেলেগ আছিল । এতিয়াৰজন নতুন । মই আহি থাকোঁ হোটেলখনলৈ মাজে-সময়ে । হত্যাৰ বলি হোৱা ল'ৰাজনো হোটেললৈ অহা বেছি দিন হোৱা নাই । দৰমহা পাতি লৈছেনে নাই নাজানো । মোবাইল কিনিম বুলি কৈ আছিল ল'ৰাজনে । মই খবৰ ল'বলৈ আহিলোঁ । কিয়নো মোৰ পৰিবাৰে ইয়াতে কাম কৰে । নিশা ইয়াত ৪ জন লোক থাকে । মোৰ পৰিবাৰে ইয়াত কাম কৰে, সেইকাৰণে ক'লে যে এবাৰ চাই আহক ।"

লগতে পঢ়ক: কিবা এটা উপায় দিয়ক...নহ'লে ইয়াতে গুলীয়াই মাৰক : উচ্ছেদিত - URIAMGHAT EVICTION

বুলড'জাৰৰ লক্ষ্য বেদখলকাৰীৰ বাসস্থান, সা-সম্পত্তি, উৰিয়ামঘাট উচ্ছেদৰ চতুৰ্থ দিনৰ কিছু ছবি - URIAMGHAT EVICTION

Buy Now on CodeCanyon