চামগুৰি : হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি অহা প্ৰকৃতিপ্ৰেমী সংগঠন 'হাতীবন্ধু'এ পুনৰ বন্যহস্তীক খাদ্য যোগান ধৰিবলৈ সাজু হৈছে । কাৰ্বি পাহাৰৰ হস্তীদণ্ডীত থকা ৰংহাঙৰ পথাৰত বন্যহস্তীক খাদ্য যোগান ধৰিবৰ বাবে প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে আৰম্ভ কৰিছে কৃষিকাৰ্য ।

এই সংগঠনটোৰ পৃষ্ঠপোষক তথা গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞা আৰু সমগ্ৰ পৰিকল্পনাটোৰ নেতৃত্ব বহন কৰা প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই স্থানীয় গাঁওবাসীৰ সহযোগত কৃষিকাৰ্যৰ শুভাৰম্ভণি কৰে । দেওবাৰে ধূপ-দীপ-নৈবদ্য আগবঢ়াই গণেশ বন্দনাৰে বছৰটোৰ বাবে পথাৰত মাৰে কঠীয়াৰ প্ৰথমটো গোজ । আগন্তুক ডেৰমাহৰ ভিতৰতে গাঁওখনৰ প্ৰতিটো পৰিয়ালৰে শতাধিক ৰোৱনী লগ-লাগি প্ৰায় ২৫০ বিঘা মাটিত শালিধানৰ কঠীয়া ৰোপণ কৰাৰ পৰিকল্পনা কৰিছে ।

এই ডৰা ধাননিত আঘোণমহীয়া বন্যহস্তী জাকক অন্ততঃ এমাহ ব্যস্ত কৰি ৰখাৰ পৰিকল্পনা কৰিছে হাতীবন্ধুৱে । এই সময়ত ভৈয়ামৰ কৃষকে অনায়াসে চপাই নিব পাৰিব নিজৰ কষ্টোপাৰ্জিত ধানখিনি । শেহতীয়াকৈ হস্তী-মানৱৰ সংঘাত ৰোধৰ ক্ষেত্ৰত এক সফল পদক্ষেপ হিচাপে পৰিগণিত হোৱা এই কৃষিকাৰ্যই বিগত বর্ষসমূহৰ দৰে এই বছৰতো সুফল প্ৰদান কৰিব বুলি আশাবাদী হাতীবন্ধুৰ পৰিয়াল ।

আনহাতে হাতীবন্ধুৰ হাতী-মানুহৰ সংঘাত ৰোধ কিদৰে সফল হৈছে এই সমগ্ৰ প্ৰক্ৰিয়া চাবলৈ নগাঁৱৰ ৰংহাং গাঁৱত উপস্থিত হয় ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল । ছাত্ৰ-ছাত্ৰীসকলে ৰংহাং গাঁৱৰ ৰাইজৰ লগত সমানে ভূঁই ৰুই আনন্দিত হয় । প্ৰদীপ কুমাৰ ভূঞাই এই প্ৰসংগত কয়, "আগৰ দৰে আমি ধান ৰুইছো । নেপিয়াৰ আদি হাতীৰ বাবে লগোৱা হৈছে ।"
লগতে পঢ়ক:হাতী-মানুহৰ সংঘাত ৰোধৰ সংগ্ৰামে স্বীকৃতি পালে - ASSAM GAURAV AWARD