Surprise Me!

প্ৰথমে কাজিয়া আৰু তাৰ পিচত লাঠিৰে কোবাই হত্য়া কৰিলে জ্য়েষ্ঠ ভাতৃয়ে

2025-08-05 10 Dailymotion

শ্রীভূমি: শ্রীভূমি জিলাৰ পাথাৰকান্দিত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । কনিষ্ঠ ভাতৃক জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । ঘটনাৰ বিৱৰণি অনুসৰি সোমবাৰে নিশা পাথাৰকান্দিৰ মামবাড়ি গাঁৱত সংঘটিত হয় এই হত্যাকাণ্ডৰ ঘটনাটো । ড্ৰাগছ আসক্ত তথা বহু গোচৰত অভিযুক্ত তিনিটা সন্তানৰ পিতৃ জয়নাল উদ্দিনে ধান আনিবলৈ ব্যৱহাৰ কৰা লাঠিৰে বুকুত আঘাত কৰে ভাতৃ শ্বৰীফ উদ্দিনক ।

জয়নালৰ আঘাতত শ্বৰীফ উদ্দিনৰ বুকুৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হোৱাৰ পিছত তেওঁৰ মৃত্যু হয় । এই ঘটনাটো সংঘটিত হোৱাৰ পাছতে পাথাৰকান্দি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও অভিযুক্ত জয়নাল উদ্দিনে পলায়ন কৰে । আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্ৰীভূমি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । তদন্তকাৰী বিষয়া নীলভজ্যোতি নাথে জানিবলৈ দিয়া মতে, ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে সকলো স্পষ্ট হ’ব ।

এই ঘটনা সন্দৰ্ভত শ্বৰীফ উদ্দিনৰ পত্নীয়ে কয়," অভিযুক্ত জয়নাল উদ্দিনে নিশা মদ্য়পান কৰি ভাতৃ জয়নাল উদ্দিন সৈতে কাজিয়াত লিপ্ত হয় । সেই সময়তেই জয়নাল উদ্দিনে উত্তেজিত হৈ লাঠিৰে আঘাত কৰে শ্বৰীফ উদ্দিনক। ফলত তেওঁৰ ঘটনাস্থলীতেই ৰক্তক্ষৰণ হৈ মৃত্যু হয় ।"

লগতে পঢ়ক:অৰুণাচলত কোনে, কিয় হত্যা কৰিলে জোনাইৰ ধনেশক ? - ARUNACHAL MURDER CASE

হোটেল কৰ্মচাৰীৰ কাজিয়াই ল'লে চূড়ান্ত ৰূপ; এজনক হত্যা - SARUPATHAR HOTEL WORKER MURDER

Buy Now on CodeCanyon