Surprise Me!

অগ্নিসংযোগেৰে সামৰণি পৰিল চানডুবি মহোৎসৱৰ

2026-01-06 6 Dailymotion

<p>মিৰ্জা: সামৰণি পৰিল পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ১৬ সংখ্য়ক চানডুবি উৎসৱৰ । বিগত দিনকেইটাত সমাগম ঘটিল হেজাৰ হেজাৰ লোকৰ । বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ মেটমৰা সম্ভাৰৰে উজলি উঠিল চানডুবি উৎসৱৰ বাকৰি । দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তৰ মনোৰম সৌন্দৰ্যৰাজিৰ মাজত পহিলা জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল চানডুবি উৎসৱ ।</p><p>যান্ত্ৰিকতাৰ পৰা আঁতৰি সেউজীয়াৰ মাজেৰে গৈ পোৱা চানডুবি উৎসৱৰ বাকৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি, পৰম্পৰাৰ সমাহাৰেৰে উজলি উঠিল । প্ৰচুৰ সম্ভাৱনা থকাৰ পিছতো ৰজাঘৰীয়াৰ অৱহেলাৰ বাবে পৰ্যটনস্থলী হিচাপে চানডুবিৰ লগতে ইয়াৰ সমীপৱৰ্তী লোকে আজিকোপতি উন্নয়নৰ মুখ দেখা পোৱা নাই ।  </p><p>চানডুবিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ অহা লোকসকলে উৎসৱৰ বাকৰিত বিচাৰি পালে অনন্য মাদকতা । এই সন্দৰ্ভত এগৰাকী উদ্য়োক্তাই কয়, "বিগত বৰ্ষৰ দৰে এইবাৰো দৰ্শনাৰ্থীৰ সঁহাৰি লাভ কৰিছো ।"</p>লগতে পঢ়ক:প্ৰতিবাৰেই চানডুবি মহোৎসৱৰ বাকৰিত ভৰি থৈছিল জুবিন গাৰ্গে</a>

Buy Now on CodeCanyon