নগাঁও: নগাঁও বটদ্ৰৱা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই দখিল কৰিলে মনোনয়ন । শুকুৰবাৰে ৬০ নং নগাঁও বটদ্ৰৱা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত তৃতীয়বাৰৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে । প্ৰতিকূল বতৰকো নেওচি নিজা বাসগৃহৰ পৰা সহস্ৰাধিক দলীয় কৰ্মী-সমৰ্থকৰ সমাবেশেৰে দলে-বলে নাচি বাগি শোভাযাত্ৰাৰে মনোনয়ন দাখিল কৰি জয়লাভ কৰিব বুলি দাবী কৰে বিধায়কগৰাকীয়ে ।

এই সন্দৰ্ভত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই কয়, "আমাৰ ওপৰত ৰাইজৰ মৰম আশীৰ্বাদ আছে । ৰাইজৰ যি মৰম আশীৰ্বাদ দেখা পাইছো যোৱা ১০টা বছৰ আমি ৰাইজৰ মাজত যি কৰিছো তাৰবাবে আমাক আঁকোৱালি লৈছে ।"

লগতে পঢ়ক:হাজাৰ হাজাৰ সমৰ্থকে আদৰিলে ৰঙানদীৰ বিজেপি প্ৰাৰ্থী ঋষিৰাজক

কংগ্ৰেছৰ মিত্ৰতা ভেজাল : মনোনয়ন দাখিলৰ পূৰ্বে বিৰোধীক আক্ৰমণ অশোক সিংহলৰ