Surprise Me!

প্ৰতিকূল বতৰক নেওচি পীযুষ হাজৰীকা আৰু ৰমাকান্ত দেউৰীৰ মনোনয়ন দাখিল

2026-03-20 1 Dailymotion

মৰিগাঁও : প্ৰতিকূল বতৰক নেওচি শুকুৰবাৰে হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত জাগীৰোড সমষ্টিৰ বিজেপি প্ৰাৰ্থী পীযুষ হাজৰীকা আৰু মৰিগাঁৱৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰিলে । প্ৰায় ৫০ হাজাৰ কৰ্মীক লগত লৈ এক বিশাল ৰেলীৰে দুয়োগৰাকী প্ৰাৰ্থী উপস্থিত হয় মৰিগাঁও সদৰত । মনোনয়ন দাখিলৰ সময়ত ৰমাকান্ত দেউৰীয়ে দাবী কৰে যে এইবাৰ ৮০ হাজাৰ ভোটৰ ব্যৱধানত তেওঁ জয়ী হ'ব ।

সাংবাদিকৰ আগত তেওঁ কয়, "ইয়াত একো ফেক্টৰ নহয় । আগতে ৭০ হাজাৰ আছিল এতিয়া ৮০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হ'ম ।" একেদৰে পীযুষ হাজৰীকাই কয়, "জাগীৰোড, মৰিগাঁৱক আগুৱাই লৈ যোৱাৰ সপোন দেখিছিলো । কিছু সফল হৈছো আৰু কাম কৰিবলৈ জনতাৰ পৰা আশীৰ্বাদ বিচাৰিছো ।"

উল্লেখ্য যে, এইবাৰ কংগ্ৰেছে অসম জাতীয় পৰিষদক মৰিগাঁৱৰ আসনখন এৰি দিছে । অসম জাতীয় পৰিষদৰ বাণী দাসে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব । আনহাতে জাগীৰোড সমষ্টিত পীয়ুষ হাজৰীকাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব একালৰ অসম গণ পৰিষদৰ মন্ত্ৰী তথা বৰ্তমানৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বুবুল দাসে ।

লগতে পঢ়ক : বৰছলাত নিৰ্বাচন একপক্ষীয় হ'ব; মনোনয়ন দাখিল কৰি আত্মবিশ্বাসী ৰিপুণ বৰা

Buy Now on CodeCanyon