জোনাই : জোনাই বিধানসভা সমষ্টিত নিৰ্বাচনী হিংসা অব্য়াহত থকাৰ মাজতেই দেওবাৰে নিশা দুটা পৃথক পৃথক স্থানত কংগ্ৰেছ কৰ্মীৰ বাসগৃহত শিলগুটি নিক্ষেপেৰে আক্ৰমণ কৰে একাংশ দুষ্কৃতিকাৰীয়ে । এই সন্দৰ্ভত এগৰাকী কংগ্ৰেছ কৰ্মীয়ে অভিযোগ কৰি কয়,"ভুৱন পেগুৰ গুণ্ডাবাহিনীয়ে আমাৰ ঘৰত নিশা শিলগুটি নিক্ষেপ কৰিছে ।"

নিশা প্ৰায় ১২ বজাত জোনাইৰ মধ্যপুৰ গাঁৱৰ নিবাসী তথা কংগ্ৰেছ কৰ্মী তুষাৰ ঙাটেৰ বাসগৃহত প্ৰায় ৬-৭ খন চাৰিচকীয়া বাহনত অহা একাংশ দুৰ্বৃত্তই ঘৰৰ সমুখৰ পৰা ধাৰাসাৰে শিলগুটি নিক্ষেপ কৰি আক্ৰমণ চলাই । এই আক্ৰমণত ঘৰৰ চোতালত ৰখা দুখন বিলাসী বাহনৰ বিস্তৰ ক্ষতিসাধন কৰে ।

এই ঘটনাৰ কিছু সময় পিছতেই জোনাইৰ লক্ষ্মী নেপালীবস্তী গাঁৱৰ কংগ্ৰেছ নেত্ৰী ৰঞ্জনা দলেৰ বাসগৃহতো দুষ্কৃতিকাৰীৰ দলে ৰাস্তাৰ পৰা ঘৰলৈ লক্ষ্য কৰি ধাৰাসাৰ শিলগুটি নিক্ষেপ কৰে । এই ঘটনাত ঘৰখনৰ কেইবাখনো দৰ্জা- খিৰিকীৰ উপৰি বহু সামগ্ৰী ভাঙি লণ্ড-ভণ্ড কৰে । ইফালে, এই ঘটনাৰ পিছতো জোনাই আৰক্ষী প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে ।

লগতে পঢ়ক:জোনাইত পুনৰ নিৰ্বাচনী হিংসা, কংগ্ৰেছৰ ৰেলীত দূৰ্বৃত্তৰ আক্ৰমণত কেইবাজনো আহত, ভাঙিলে বাহন

মুৰং ঘৰক লৈ জোনাইত কংগ্ৰেছ-বিজেপিৰ সংঘাত