গুৱাহাটী: বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ মঙলবাৰে অন্তিম দিন । প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ সামৰণি মাৰিছে । কোনো প্ৰাৰ্থীয়ে যদি বাইক ৰেলী কৰিছে, আন কোনো প্ৰাৰ্থীয়ে ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছে । ৰাজ্যৰ আন আন সমষ্টিৰ দৰে গুৱাহাটী মহানগৰীৰ পাঁচটা সমষ্টিতো প্ৰাৰ্থীসকলে অন্তিম প্ৰচাৰ চলায় । দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে মানৱেন্দ্ৰ শৰ্মা কম্প্লেক্সৰ পৰা ৰোড শ্ব' আৰম্ভ কৰে । তেওঁক সংগ দিয়ে AICCৰ তত্ত্বাবধায়ক কানহাইয়া কুমাৰে ।

মীৰা বৰঠাকুৰে কয়, "দিছপুৰবাসী ৰাইজে এইবাৰ সম্পূৰ্ণ সমৰ্থন জনাই গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ আনিব । দিছপুৰবাসী ৰাইজে মোক বিধায়িকা হিচাপে মোহৰ লগাব । মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যি অভিযোগ আহিছে বহু দেৰিকৈ আহিছে । সেয়া অভিযোগ নহয় সেয়া সত্য প্ৰমাণিত । ৰাইজে মোক জিকাওক মই আস্থা আৰু নিষ্ঠাৰে দায়িত্ব পালন কৰিম ।’’ কানহাইয়া কুমাৰে কয়, "অসমৰ জনতাই থিৰাং কৰিছে যে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ ভিতৰত গৌৰৱ গগৈক নিৰ্বাচন কৰিব । বিজেপিৰ ১০ বছৰীয়া শাসন কালত গুণ্ডাগিৰি, ভ্ৰষ্টাচাৰ, বিভাজন, ঘৃণাৰ বাহিৰে একো কাম হোৱা নাই । মুখ্যমন্ত্ৰীয়ে চৰকাৰী বিদ্যালয়ৰ বন্ধ কৰি ব্যক্তিগত বিদ্যালয় খুলিছে ৷ তেওঁৰ বন্ধুক মাটি দিছে, ভূমিহীনক পট্টা নিদি উচ্ছেদ চলাইছে । যদি বিজেপি চৰকাৰ হয়, অহা পাঁচ বছৰত মণিপুৰৰ যি অৱস্থা হৈছে সেয়া অসমত হ'ব । হিন্দু-মুছলমানৰ ৰাজনীতি এইকাৰণে কৰিছে যে মূল ইছ্যুবোৰৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰে । তেওঁ মুছলমানক অত্যাচাৰ কৰাৰ কথা কৈ নিজে মুছলিম দেশত কেনেকৈ সম্পত্তি ক্ৰয় কৰি আছে ।’’

আনহাতে মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুনকী চৌধুৰীয়ে মাছখোৱাৰ পৰা আৰম্ভ কৰা ৰেলী শান্তিপুৰত সামৰণি পৰে । তেওঁ কয়, "আজি খুব ভাল লাগিছে । মধ্য গুৱাহাটীৰ ৰাইজ আজি ওলাই আহিছে । পৰিৱৰ্তনৰ ঢৌ আহিছে । ৰাইজক এটাই আহ্বান জনাম যে পৰিৱৰ্তনৰ স্বাৰ্থত ৯ তাৰিখে জাহাজৰ ছবিত যাতে ভোট দিয়ে ।’’

যুৱ প্ৰজন্ম ওলাই আহি নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় কুংকিয়ে । মুখ্যমন্ত্ৰীয়ে তেওঁৰ পৰিয়ালক লৈ কৰা মন্তব্যৰ প্ৰত্যুত্তৰত তেওঁ কয়, "তেওঁলোকে মূল ইছ্যুবোৰ তল পেলাবলৈ এইবিলাক মন্তব্য কৰিছে ।"

আনহাতে মধ্য গুৱাহাটী বিজেপি প্ৰাৰ্থী বিজয় গুপ্তায়ো সমৰ্থকক লগত লৈ ৰেলী উলিয়ায় । তেওঁ কয়, "আজি অন্তিম দিন । আমাৰ কাৰণে খুব ভাল দিন । জনতা আমাৰ লগত আছে । ৰাইজৰ মৰম-আশীৰ্বাদ আছে । কৰ্মকৰ্তা আজি প্ৰফুল্লিত । মোৰ কোনো প্ৰত্যাহ্বান নাই, আমি জিকি আছো ।"

লগতে পঢ়ক:

মই ভাগৱত গীতাত শপত খাই কৈছোঁ, মোৰ বাহিৰত কোনো সম্পত্তি নাই: শপত খাই ক'লে মুখ্যমন্ত্ৰীয়ে