Surprise Me!

বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ : সালসলনি কৰা হৈছে নদীপথৰ স্থান

2026-04-08 0 Dailymotion

মাজুলী : ৰাজ্যৰ অব্যাহত আছে ধুমুহা-বৰষুণৰ তাণ্ডৱ ৷ একেৰাহে হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি পোৱাৰ ফলত ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিছে নদীপথৰ যাতায়তৰ ওপৰত ।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী অফলামুখ ঘাটত বন্ধ কৰি দিয়া হৈছে ফেৰীৰ অনলাইন টিকট সেৱা । কেৱল সেয়াই নহয়, সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ফেৰী চলাচলৰ সময়সূচীত কিছু সালসলনি কৰা হৈছে ।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত নদীৰ ঘাটৰ আন্তঃগাঁথনিটো ব্যাপক সালসলনি কৰিবলগীয়া হৈছে । পানী বাঢ়ি অহাৰ ফলত ৰ'পেক্স (Ro-Pax)ৰ ৰেম্পটো সুৰক্ষিত স্থান অৰ্থাৎ পুৰণি ঘাটলৈ সলনি কৰা হৈছে । এই কথা সদৰী কৰে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ এগৰাকী লোকে ৷

উল্লেখ্য যে, পূৰ্বৰ তুলনাত ফেৰী যাতায়তৰ সময় লেহেমীয়া হৈছে ৷ কাৰণ বৰ্তমান কেৱল মাত্ৰ এটা ৰেম্পৰ যোগেদিহে ফেৰীসমূহৰ উঠা-নমাৰ কাম চলি আছে । আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ফালৰ পৰা জনোৱা মতে, ‘‘মঙলবাৰে ৰাতি ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি হৈ ফেৰী চলাচল কৰা ৰেম্পসমূহ বুৰাই পেলায় । যাৰ ফলত অনলাইন টিকট বন্ধ কৰি ৰখা হৈছে ৷’’

লগতে পঢ়ক : নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে পদূলিমুখ পালেহি হেঁপাহৰ ৰঙালী বিহুটি

লগতে পঢ়ক : অস্তিত্বৰ সংকটত বৰদুৱাৰ বাগানৰ ২৫ খন গাঁৱৰ ৰাইজ

Buy Now on CodeCanyon