Surprise Me!

ভোটদান কৰি পাপনে ক'লে- এইবাৰ বিহুৰ অনুষ্ঠান নকৰো...

2026-04-09 1 Dailymotion

গুৱাহাটী: ভোটদান কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই । ৩৫ নং নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ এআইডিচি কার্যালয়ত ভোটাদান কৰে পাপনে । ভোটদান কৰিয়েই শীঘ্ৰে উভতি যোৱাৰ কথাও জনালে সংবাদমাধ্যমক ।

সাংবাদিকৰ আগত পাপনে কয় জুবিন গাৰ্গক লৈ ৰাজনীতিকৰণৰ প্ৰসংগত পাপনে কয়,"কোনে কি কৈছে সেইটো ডাঙৰ কথা নহয়, জুবিনৰ ন্যায় আমি বিচাৰি আছোঁ । ছিংগাপুৰে ৰায়দান ইতিমধ্যে দিলে, আমিও বিচাৰি আছোঁ আমাকো সোনকালে দিব লাগে । ফাষ্টট্ৰেক কৰিছে যদি সেইটো খুব সোনকালে হ'ব লাগে ।"

আনহাতে এইবাৰ বিহুমঞ্চত দেখা পোৱা নাযাব পাপনক । এই সন্দৰ্ভত তেওঁ কয়,"বিগত দুবছৰ ধৰি বিহুৰ অনুষ্ঠান মই কৰা নাই, এইবাৰো অনুষ্ঠান কৰা নহয় । অহাবছৰলৈ সম্ভৱ হ'লে কৰিব পাৰোঁ । এইবছৰৰ পৰিৱেশটো ভাল নহয়, বহু বিহুতলীয়ে জুবিন গাৰ্গক সুঁৱৰি ইতিমধ্যে অনুষ্ঠানসমূহ বাতিল কৰিছে । এটা বছৰ জুবিনক এইদৰে সুঁৱৰো । যিয়ে অনুষ্ঠান কৰিছে সেইটো ভাল কথা 'শ্ব মাষ্ট গ' অন' । লগতে নতুন প্ৰজন্মক আমি সুবিধা দিব লাগিব । কিন্তু এই বছৰটো এটা শ্ৰদ্ধাঞ্জলিৰ ধৰণে হৈছে ।"

ইফালে ভোটদান কৰিবলৈ আহি একালৰ শিক্ষয়ত্ৰীক লগ পাই নষ্টালজিক হৈ পৰে পাপন । শিক্ষয়ত্ৰীয়ে ক'লে পাপনৰ শৈশৱৰ কথা  ।

লগতে পঢ়ক: প্ৰিয়তম অবিহনে ভোট দিলে গৰিমা শইকীয়া গাৰ্গে - ASSAM ASSEMBLY ELECTION 2026

বিধানসভাত নাৰী-যুৱ প্ৰজন্মৰ অধিক অংশগ্ৰহণ বিচাৰে কণ্ঠশিল্পী দীপলিনা ডেকাই - ASSAM ASSEMBLY ELECTION 2026

Buy Now on CodeCanyon