ৰঙিয়া: কমলপুৰ সমষ্টিৰ সূতাৰগাঁৱৰ ভোটগ্ৰহণ কেন্দ্ৰত ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাই পত্নীৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰে । ভোটাৰ ৰাইজক নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাই ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই । নিজে ভোটদান কৰাৰ পিছত বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাই অসমৰ ৰাইজৰ উদ্যোগত পুনৰবাৰ বিজেপি চৰকাৰ গঠন হ’ব বুলি আশা প্ৰকাশ কৰে ।

পুৱা ১১ বজাৰ পূৰ্বেই ৪০% ভোটদান হোৱা বুলি উল্লেখ কৰি এই হাৰ ৭৫-৮০% হ’ব বুলিও আশা প্ৰকাশ কৰে কলিতাই ৷ সুৰক্ষিত অসম, বিকশিত অসমৰ স্বাৰ্থত সকলোকে নিজৰ নিজৰ অধিকাৰ সাব্যস্ত কৰি খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত এখন শক্তিশালী চৰকাৰ গঠন কৰিবলৈ আটাইকে ওলাই আহিবলৈ ভৱেশ কলিতাই আহ্বান জনায় ।

লগতে পঢ়ক

4 মে’ত বিজয় উৎসৱ হ'ব : ভোটদান কৰি মাৰ্ঘেৰিটাই ক'লে

বিধানসভাত নাৰী-যুৱ প্ৰজন্মৰ অধিক অংশগ্ৰহণ বিচাৰে কণ্ঠশিল্পী দীপলিনা ডেকাই