<p>মৰিগাঁও: ৰাজ্যৰ জনতাই ইভিএমত বন্দী কৰিলে অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভাগ্য । সাধাৰণ জনতাৰ সমান্তৰালভাৱে প্ৰাৰ্থীসকলেও সাব্যস্ত কৰিলে ভোটাধিকাৰ । মন্ত্ৰী পীযুষ হাজৰীকাই আঁহতগুৰি মৰিকলং এল পি স্কুলত পত্নী আৰু মাতৃৰ সৈতে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে । </p><p>ইয়াৰ পিছতে পৱন খেড়াৰ বিৰুদ্ধে সৰৱ হৈ পৰে হাজৰীকা । সাংবাদিক আগত তেওঁ কয়, ‘‘পৱন খেড়া এটা ফাল্টু মানুহ । পৱন খেড়াই ৰাতি এটা কথা কয়, ৰাতিপুৱা এটা কথা কয় । কিন্তু পৱন খেড়াই যিখিনি কৈছে সম্পূৰ্ণ মিছা । গতিকে পলাই গুছি গ'ল । কৈছিলে দম আছে যদি হিমন্ত বিশ্ব শৰ্মাই এৰেষ্ট কৰক । গতিকে ৰাতিপুৱা ফ্লাইটত উঠাৰ আগত এটা ফেচবুক লাইভ দিব লাগিছিল ।’’</p><p>লগতে পঢ়ক: জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোৱে ভোটত প্ৰভাৱ পেলাইছে: চিপিআই(এমএল)ৰ প্ৰাৰ্থী জ্ঞানেন্দ্ৰ সৰকাৰ - ASSAM ASSEMBLY ELECTION 2026</p><p>এইবাৰ ৰাইজৰ পৰা ভাল আশীৰ্বাদ পাম: ভোটদান কৰি আত্মবিশ্বাসী নাৰায়ণ ডেকা - ASSAM ASSEMBLY ELECTION 2026</p>
