<p>শিলচৰ : এক গোপন সূত্ৰৰ পমখেদি কাছাৰ জিলা আৰক্ষীয়ে বুধবাৰে শিলচৰ চহৰৰ ওচৰৰ ৰামনগৰ অঞ্চলত এক বিশেষ তালাচী অভিযান চলায় । এই অভিযানত উদ্ধাৰ হয় অবৈধ আগ্নেয়াস্ত্ৰ আৰু এটা গ্ৰেণেড । ৰামনগৰৰ এফ চি আই ৰোড সংলগ্ন এটা ঘৰত এই অভিযান চলোৱা হয় ।</p><p>বৃহস্পতিবাৰে শিলচৰত এক সংবাদমেলযোগে কাছাৰ জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম) ৰজত কুমাৰ পালে জনায়, "লক্ষীপুৰ আৰক্ষী থানাত ৰুজু কৰা ৬৪/২০২৬ নং এটা গোচৰৰ তদন্তৰ অধীনত এই অভিযান চলোৱা হয় । এই সন্দৰ্ভত বিএনএছৰ ৩০৮(৪) ধাৰা আৰু অস্ত্ৰ আইনৰ ২৫(১)(ক) ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে । ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে । গ্ৰেপ্তাৰ হোৱা দুজন হৈছে লাইশ্ৰম টিকেন মেইতেই আৰু মনালিছা চানু ।"</p><p>তেওঁ লগতে কয় যে প্ৰাথমিক তদন্ত অনুসৰি উদ্ধাৰ হোৱা আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ লগত তেওঁলোকৰ প্ৰত্যক্ষ যোগাযোগ থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । উদ্ধাৰ হোৱা আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ উৎস আৰু ইয়াৰ লগতে বৃহত্তৰ কোনো চক্ৰ জড়িত হৈ আছে নেকি সেই কথা জানিবলৈ আটকাধীন দুজনক সোধা-পোছা কৰা হৈছে বুলি এএছপি পালে কয় ।</p>লগতে পঢ়ক :হোমৰ গুৰিত নহয়, মৃত্যুৰ শীতল কোলাত শিৰত সেন্দূৰ পিন্ধাই বিদায় দিলে প্ৰিয়তমাক</a>
