Surprise Me!

লম্বিত ক'লৈ গ'ল ? ৰে'ল বিভাগৰ কৰ্মচাৰী সন্ধানহীন

2026-06-13 0 Dailymotion

মৰাণ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায় সংঘটিত হৈ আছে এটাৰ পাছত আন এটা সন্ধানহীনৰ ঘটনা । ইয়াৰ মাজতে ডিব্ৰুগড়ৰ খোৱাঙত সন্ধানহীন হৈছে ৰে'ল বিভাগৰ এজন ঠিকাভিত্তিক কৰ্মচাৰী । বিগত সাতদিন ধৰি সন্ধানহীন হৈ আছে বাঘতলিপথাৰ গাঁৱৰ লম্বিত গগৈ (২৭) নামৰ যুৱকজন ।

পৰিয়ালৰ লোকৰ ভাষ্য় অনুসৰি লম্বিত গগৈ যোৱা ৪ জুনত ঘৰৰ পৰা ওলাই গৈছিল । সেইদিনা বন্ধুৰ সৈতে লেঙেৰীৰ নখাটলৈ যোৱা বুলি ফোন যোগে পৰিয়ালক অৱগত কৰিছিল যদিও তাৰ পিছৰে পৰা বন্ধ হৈ আছে যুৱকজনৰ ব্যৱহৃত ম'বাইলটো । যুৱকজনৰ সন্ধান বিচাৰি পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ নকৰাত চিন্তিত হৈ পৰিছে । ইতিমধ্যে যুৱকজনৰ নিৰুদ্দেশ সম্পৰ্কে পৰিয়ালৰ লোকে খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীৰ পৰাও কোনো ধৰণৰ তথ্য লাভ কৰা নাই ।

সন্ধানহীন যুৱকজনৰ ভ্ৰাতৃয়ে কয়, "যোৱা ৪ জুনত কামৰ পৰা উভতি আহি গা ধুই থাকোতে কোনোবা এজনে ফোন কৰিছিল আৰু সি ফোনত কৈছিল গৈ আছো বুলি । লগৰ সৈতে ফুৰিবলৈ গৈ থাকে বাবে ঘৰত ইমান চিন্তা কৰা নাছিলো । ঘৰৰ পৰা মটৰচাইকেল লৈ ওলাই গৈছিল । সেইদিনা নবৌলৈ ফোন কৰিছিল; কিন্তু তাৰ পাছৰ পৰা ফোন বন্ধ হৈ আছে । আৰক্ষীক অৱগত কৰা হৈছে যদিও কোনো ধৰণৰ খবৰ লাভ কৰা কৰা নাই ।"

লগতে পঢ়ক:অসম চিকিৎসা মহাবিদ্যালয় চৌহদৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন যুৱক

কটকৰ পৰাই শেষ যোগাযোগ, ক'ত হেৰাল মণ্টু ?

Buy Now on CodeCanyon