Surprise Me!

৬ বছৰ পূৰ্বে নিৰ্মাণ কৰা ৰাজহুৱা শৌচালয় আজিও নহ'ল মুকলি

2026-06-13 6 Dailymotion

বঙাইগাঁও: বঙাইগাঁও জিলাৰ অভয়াপুৰীত ৰাজহুৱা শৌচালয় নিৰ্মাণৰ নামত চলিছে ভেকোঁভাওনা ৷ অভয়াপুৰী পৌৰসভাৰ ৰাজহুৱা শৌচালয় নিৰ্মাণৰ নামত ধন অপচয় দেখি সচেতন ৰাইজৰ চকু কঁপালত উঠিছে।

অভয়াপুৰী পৌৰসভাৰ অধীনত কেইবাটাও স্থানত নিৰ্মাণ কৰিছিল ৰাজহুৱা শৌচালয় ৷ অভয়াপুৰী পৌৰসভাই লাখ লাখ টকা খৰচ কৰি এই শৌচালয়বোৰ নিৰ্মাণ কৰিলে যদিও ৰাইজৰ বাবে আজিও মুকলি নহ'ল। ৫-৬ বছৰ পূৰ্বে নিৰ্মাণ কৰা শৌচালয়সমূহত নাই কোনো বেনাৰ বা ফলক।

কিমান টকাৰে এই  'বায় টয়লেট' নিৰ্মাণ হৈছিল তাৰ হিচাপ নাই। এইদৰে বছৰ বছৰ ধৰি তলা ওলোমাই ৰখাৰ ফলত চৌদিশে জংঘলে এতিয়া আগুৰি ধৰিছে ৷ এই সন্দৰ্ভত এগৰাকী স্থানীয় ব্য়ক্তিয়ে কয়, "দীৰ্ঘদিন ধৰি এইদৰে জৰাজীৰ্ণ অৱস্থাত পৰি আছে কেইবাটও ৰাজহুৱা শৌচাগাৰ । নিৰ্মাণ কৰাৰ দিনৰে পৰাই এইদৰে পৰিত্য়ক্ত অৱস্থাত আছে । এইদৰে থাকিলে ৰাইজে এইবোৰ কেনেকৈ ব্য়ৱহাৰ কৰিব পাৰিব ?"

লগতে পঢ়ক:বৰষুণ দিলেই পাঠদান বন্ধ হোৱা এখন চৰকাৰী বিদ্যালয়

চৰকাৰী ধনৰ অপচয়: পৰ্যটক নিবাসত এতিয়া চলে অসামাজিক কাৰ্যকলাপ

Buy Now on CodeCanyon