Surprise Me!

ধিঙৰ ধনিয়াভেটিত শোকাৱহ ঘটনা, পথৰ ফলক ভাঙি দুই শিশুৰ মৃত্যু

2026-07-15 1 Dailymotion

<p>লাহৰীঘাট : বুধবাৰে ধিঙৰ ধনিয়াভেটিত সংঘটিত হয় এক শোকাবহ ঘটনা ৷ পথৰ ফলক ভাঙি যোৱাত দুই শিশুৰ মৃত্যু হোৱাৰ লগতে এগৰাকী শিশু গুৰুতৰভাবে আহত হৈছে ৷ জানিব পৰা মতে, ধনিয়াভেটি গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ ৰহমত আলীৰ ঘৰৰ পৰা জাকিৰ হুছেইন নামৰ ব্যক্তিজনৰ ঘৰলৈ যোৱা পথৰ ফলকত তিনিগৰাকী শিশুৱে খেলি আছিল ৷ তেনেতে হঠাৎ ফলকখন ভাগি পৰে ।</p><p>শোকাৱহ ঘটনাটোত তহিদা খাতুন (৯) আৰু ৰীমা খাতুন (৯) নামৰ দুটি শিশুৰ মৃত্যৰ লগতে হালিমা খাতুন (১০) নামৰ শিশুটি গুৰুতৰভাবে আহত হয় । আহত হালিমাক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে । ইফালে, নিহত তহিদা আৰু ৰীমাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।</p><p>লগতে পঢ়ক: ৰাজ্য়জুৰি কৰ্মবিৰতিত বহিল সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থা</a></p>

Buy Now on CodeCanyon