ধুবুৰী: প্রতি বছৰে ১৬ জুলাই তাৰিখে বিশ্ব সৰ্প দিৱস পালন কৰা হয় । সাপৰ বিষয়ে সজাগতা বৃদ্ধি কৰা, ভুল ধাৰণা দূৰ কৰা আৰু পৰিৱেশতন্ত্ৰত সাপৰ ভূমিকা বুজাবলৈ এই দিৱস পালন কৰা হয় । এই বিশেষ দিনটোত ধুবুৰীৰ বিশিষ্ট প্ৰকৃতি প্ৰকৃতিপ্ৰেমী মেহতাব উদ্দিন আহমেদে কয়, "প্ৰকৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ হৈছে সাপ । সাপক ভয় কৰি হত্যা কৰাৰ সলনি সিহঁতৰ প্ৰয়োজনীয়তা জনসাধাৰণক অৱগত কৰিব লাগে । সাপে খেতিৰ শস্য খোৱা নিগনি-এন্দুৰ আদি খাই কৃষকক সহায় কৰে ।"

উল্লেখ্য যে অসমত বহু বিষাক্ত আৰু অবিষাক্ত সাপ পোৱা যায় । তাৰ ভিতৰত ৰজা ফেঁটী, চকৰী ফেঁটী, শংখচূৰ আৰু বিষাক্ত ভাইপাৰ প্ৰধান । সাপে কামোৰাৰ সময়ত বেজৰ ওচৰলৈ যোৱাৰ সলনি ততাতৈয়াকৈ চিকিৎসক বা চিকিৎসালয়লৈ যোৱাৰ বাবে তেওঁ জনসাধাৰণলৈ আহ্বান জনায় প্ৰকৃতিপ্ৰেমীগৰাকীয়ে । উল্লেখযোগ্য যে মেহতাব উদ্দিন আহমেদ ইতিমধ্যে বহু সাপ জন সমাগম, আৱাসিক এলেকাৰ পৰা উদ্ধাৰ কৰি বন বিভাগৰ সহযোগিতাত অৰণ্যত এৰি দিয়ে ।

লগতে পঢ়ক: অসমত বছৰি সংঘটিত কমেও ৩৫০০ সাপে খোঁটাৰ ঘটনা, অন্ধবিশ্বাসৰ পৰিৱৰ্তে সজাগ হোৱাৰ আহ্বান মন্ত্ৰী সিংহলৰ

সাপ সংৰক্ষণৰ নিৰলস প্ৰচেষ্টা: ২০১৯ চনৰ পৰা ৮০০ৰো অধিক সাপ উদ্ধাৰ বিশ্বনাথ জিলা বন বিভাগৰ