বঢ়মপুৰ: এফালে যদি অতিবৃষ্টি আনফালে আকৌ অনাবৃষ্টি । বৰষুণ নহাৰ বাবে কৃষক ৰাইজ এতিয়া পৰিছে বিপদত । বৰষুণৰ অভাৱত পথাৰত পানী নোহোৱাৰ বাবে কৰিব পৰা নাই খেতি । এই খৰাং বতৰৰ পৰা পৰিত্ৰাণ পাবলৈ অৱশেষত বৰুণ দেৱতাৰ শৰণাপন্ন হৈছে নগাঁও কন্দলিৰ জাপিসজীয়া গাঁওবাসী । বৰষুণৰ বাবে বহু অপেক্ষা কৰি শেষত গাঁওবাসীয়ে অনুষ্ঠিত কৰিছে ভেকুলী বিয়া ।

বৰুণ দেৱতাক সন্তুষ্ট কৰিবৰ বাবে অতি উলহ-মালহৰে বিয়াৰ আয়োজন কৰিছে গঞা ৰাইজে । পৰম্পৰা ৰক্ষাৰে ৰাইজে সম্পন্ন কৰিলে ভেকুলীৰ বিয়া । এই ভেকুলীৰ বিয়াতো যদি বৰুণ দেৱতা সন্তুষ্ট নহৈ বৰষুণ নিদিয়ে তেন্তে কৃষি মন্ত্ৰীক সু-ব্যৱস্থা ল'বলৈ আহ্বান গঞা ৰাইজৰ । উল্লেখ্য যে পাহাৰৰ দাঁতিকাষৰীয়া খৰাংপীড়িত এই অঞ্চলটোত যদি পানী নহয় তেন্তে কৃষি মন্ত্ৰীক তিল, মাহ, সৰিয়হ আদি যোগান ধৰি বিপদৰ পৰা মুক্তি দিবলৈ অনুৰোধ জনায় গাঁওবাসীয়ে ।

লগতে পঢ়ক: ১৮ দিনীয়া পদযাত্ৰাৰ অন্তত ৰাজেশ মহানন্দই সাক্ষাৎ পালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

লখিমপুৰত ভুৱা এছচি প্ৰমাণ-পত্ৰৰে চাকৰি লাভ কৰা চিকিৎসকৰ প্ৰমাণ-পত্ৰ বাতিল