জনিয়া : সৰ্বভাৰতীয় NEET-২০২৬ পৰীক্ষাত উজলিল কলগাছিয়াৰ আজমল ছুপাৰ ৪০ । সদ্যঘোষিত সৰ্বভাৰতীয় নীট ইউজিৰ পুনৰ পৰীক্ষাত শিক্ষানুষ্ঠানখনৰ মুঠ ২৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ শিক্ষাৰ্থীৰ সফলতা দেখি আনন্দিত লৈ পৰিছে শিক্ষক, কৰ্তৃপক্ষ ততা আন ছাত্ৰ-ছাত্ৰীসকলো ৷

শিক্ষানুষ্ঠানখনৰ পৰা এইবেলি সফল হোৱা পৰীক্ষাৰ্থীসকলৰ ভিতৰত শীৰ্ষস্থান দখল কৰে ৰঙীয়াৰ জয়নুৰ আলীয়ে । তেওঁ ৭২০ নম্বৰৰ ভিতৰত ৬২৬ নম্বৰ লাভ কৰি অনুষ্ঠানখনলৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিছে ।

এগৰাকী শিক্ষকে কয়, ‘‘যোৱা বৰ্ষত এই শিক্ষানুষ্ঠানৰ পৰা মাত্ৰ ৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে NEET পৰীক্ষাত উত্তীৰ্ণ হৈছিল । কিন্তু এইবেলি সেই সংখ্যা বৃদ্ধি পাই ২৪ জনলৈ উন্নীত হৈছে । আমি বহু আনন্দিত হৈছো ৷’’

শিক্ষানুষ্ঠানখনত অধ্যয়নৰত এগৰাকী ছত্ৰীয়ে কয়, ‘‘আমাৰ অগ্ৰজসকলৰ এই সফলতা দেখি বৰ আনন্দিত হৈছো ৷ দাদা-বাইদেউসকলে কৰাৰ দৰে আমিও পৰীক্ষাত সফল হ’বলৈ পাৰিম বুলি বিশ্বাস আহিছে ৷’’

লগতে পঢ়ক : সপোন পূৰণৰ দিশে সত্যজিত নৰহৰ আৰু এখোজ...

লগতে পঢ়ক : বৰপেটাৰ ব্যক্তিগত খণ্ডৰ ক'চিং চেণ্টাৰৰ ৯ শিক্ষাৰ্থী নীট পৰীক্ষাত উত্তীৰ্ণ