Surprise Me!

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত অৱস্থাতে গুলীবিদ্ধ বন বিষয়া

2026-07-18 10 Dailymotion

মঙলদৈ: দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এক অঘটন । ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত অৱস্থাতে গুলীবিদ্ধ হয় এগৰাকী বন বিষয়া । গুলীবিদ্ধ বিষয়াগৰাকী মঙলদৈ প্ৰফুল্ল নগৰৰ বিপিন চন্দ্ৰ ডেকা বুলি জানিব পৰা গৈছে ।

বিষয়াগৰাকীয়ে শুকুৰবাৰে পুৱতি নিশা উদ্যানত নিয়মীয়া তালাচীত গৈ শনিবাৰে পুৱা ঘূৰি আহি আবাসস্থলী পোৱাত আকস্মিকভাৱে নিজৰ মাৰণাস্ত্ৰৰ পৰা চাৰি জাঁই গুলী ফুটে । ডেকাৰ সোঁহাতৰ বাহুৰে চাৰি জাঁই গুলী সোমাই পিঠিৰে পাৰ হৈ যায় ।

আহত ডেকাক ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসালয় মহাবিদ্যাল হাস্পতাললৈ প্ৰেৰণ কৰে চিকিৎসকে । আহত ডেকা বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে মঙলদৈস্থ বন সংমণ্ডলৰ বন্যপ্ৰাণী বিষয়াগৰাকীয়ে এই সম্পৰ্কত মন্তব্য দিয়াৰ পৰা বিৰত থাকে ।

লগতে পঢ়ক: প্ৰত্যাহ্বানক নেওচি নীট-২০২৬ত সফলতা: জিলিকিল ডিমৰীয়াৰ ৰাহুল

অভয়াপুৰীত ‘উৎস’ৰ নাট কৰ্মশালা: শিশুৰ অভিনয়ত প্ৰাণ পালে ৰসৰাজৰ সাধুৱে

Buy Now on CodeCanyon