Surprise Me!

বান-দুৰ্যোগৰ বাবে সদায় প্ৰস্তুত চৰকাৰ; ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ

2026-07-19 4 Dailymotion

<p>যোৰহাট : দেওবাৰে যোৰহাট উপস্থিত হয় ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত  ৷ বানপানী আৰু প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত আমি সদা প্ৰস্তুত আছো বুলি উল্লেখ কৰে মন্ত্ৰী বৰাই ৷ প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মুখামুখি হ'বলৈ সাজু বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই কয়,"আমি প্ৰতিখন জিলাতে প্ৰতিটো ৰাজহ চক্ৰত সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি ৰাখিছো ৷ এছডিআৰএফ, এনডিআৰএফ আৰু উদ্ধাৰকাৰী দল অসমৰ বিভিন্ন ঠাইত এটা স্থানৰ পৰা অন্য এটা স্থানলৈ অতি কম সময়ত যাব পৰাকৈ কেম্প কৰি ৰখা হৈছে ।"</p><p>তেওঁ ৰাজ্যৰ ৰাজহ বিভাগৰ সংস্কাৰ কৰাৰ কথা উল্লেখ কৰি কয়,"এটা বিধানসভা সমষ্টিৰ এলেকাৰ পৰা আন এটা বিধানসভা সমষ্টিলকৈ যাতে ৰাজহ চক্ৰটো নাযায় । এজন বিধায়কে নিজৰ সমষ্টিতে থাকি ৰাজহ বিভাগৰ কাম-কাজ কৰিব পাৰে । আমি ১৫টা সমষ্টিত ৰাজহ চক্ৰৰ নতুন কাৰ্যালয় সৃষ্টি কৰিব বিচাৰিছো ৷ ইয়াৰ পূৰ্বে আমাৰ ৪টা ৰাজহ চক্ৰ সম্পূৰ্ণভাৱে আছিল, তেওঁলোকৰ পদৱী বিলাক অনুমোদন নাছিল ৷ সেয়েহে সৰ্বমুঠ ১৯টা পদৱী অনুমোদন হ'ব আৰু ৰাজহ চক্ৰৰ হ'ব ।"</p><p>লগতে পঢ়ক: তিনি জিলাত হোৱা ভয়াবহ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী, চাৰি মন্ত্ৰীলৈ তাৎক্ষণিক নিৰ্দেশ</a></p>

Buy Now on CodeCanyon