Surprise Me!

বোৱঁতী ঢলে উটুৱাই নিলে মহিলাক

2026-07-20 0 Dailymotion

কলিয়াবৰ: কলিয়াবৰৰ কুঠৰীৰ সমীপত ডিফলু নদীৰ বাঢ়নী পানীত পৰি এগৰাকী মহিলাৰ মৃত্য়ু হয় । ধাৰাসাৰ বৰষুণৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডিফলু নদীৰ পৰা সোমাই অহা বোৱঁতী ঢলে উটুৱাই নিলে ৬০ বছৰীয়া মহিলাগৰাকীক । হঠাতে অহা বানত ডুবি মৃত্যু হোৱা মহিলাগৰাকীৰ নাম জলেশ্বৰী গুপ্তা ।

ন-জান কাৱৈমাৰী চাপৰিৰ পৰা উভতি অহাৰ সময়তে হঠাৎ অহা ঢলত মহিলাগৰাকী উটি যায়  । বাঢ়নী পানীৰ ঢলে উটুৱাই নিয়াত মহিলাগৰাকী মেটেকাৰ তলত সোমাই পৰে । পিছত স্থানীয় ৰাইজে সলিল সমাধি ঘটা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে । ঘটনাস্থলীত বাগৰি আৰক্ষী টহলদাৰী চকীৰ আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:ওফন্দি উঠিছে ভোগদৈ: বাঢ়নী পানীত বুৰিল যোৰহাটৰ কেবাটাও অঞ্চল, মাজুলী-যোৰহাট ফেৰীসেৱা বন্ধ

সোণাৰিত ভয়াবহ বান, নিমিষতে বুৰ গ'ল শতাধিক পৰিয়ালৰ বাসগৃহ

Buy Now on CodeCanyon