Surprise Me!

ডিমা হাছাওত শোকাবহ পথ দুৰ্ঘটনাত দুই যুৱকৰ মৃত্যু

2026-07-20 0 Dailymotion

হাফলং: ডিমা হাছাও জিলাৰ লাংটিং আৰক্ষী থানাৰ অন্তৰ্গত হাতীখালীৰ মাতলাংপাইত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত দুজন যুৱকে প্ৰাণ হেৰুৱাইছে । যুৱক দুজনে এখন মটৰ চাইকেলত হাতীখালীৰ পৰা লামডিং অভিমুখে যোৱাৰ সময়ত দেওবাৰে নিশা মটৰচাইকেলখনে নিয়ন্ত্ৰণ হেৰুৱাই ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পথ বিভাজকত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ।

স্থানীয় লোকে উল্লেখ কৰা মতে, এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুয়ো মটৰচাইকেল আৰোহীয়ে ঘটনাস্থলীতে নিহত হয় । নিহত দুজন যুৱক হৈছে হাতীখালীৰ কামাথিপুৰৰ বাসিন্দা মোহিত ৱাৰিছা আৰু লাংৰডিছাৰ বাসিন্দা বিশাল লাংথাছা । এই সন্দৰ্ভত এজন স্থানীয় যুৱকে কয়, "যুৱক দুজনে লামডিঙলৈ আহি থাকোতেই দুৰ্ঘটনাটো সংঘটিত হয় ।"

লগতে পঢ়ক:স্কুল ভেনত খুন্দা মাৰিলে ৰে'লে, বংগত কেইবাটিও শিশু নিহত

দুৰ্ঘটনাত পতিত বিজেপি বিধায়ক ভূপেন ৰয়

Buy Now on CodeCanyon