<p>বাক্সা: আজি শাওন মাহৰ প্ৰথম সোমবাৰ ৷ এই পৱিত্ৰ দিনটোত নলবাৰী জিলাৰ টিহু চ’কস্থিত শিৱ মন্দিৰত অগণন ভক্তৰ সমাগম হৈছে ৷ এই সন্দৰ্ভত মন্দিৰ পৰিচালনা কৰা কমিটীৰ সদস্যই এজনে কয়, "এই মন্দিৰ ১৮৩৬ত অঞ্চলটোৰ একাংশ শিৱভক্ত স্থাপন কৰিছিল ৷ আজি আহি আহি এশ বছৰ অতিক্ৰম কৰিলে ৷ ভক্তসকলে বিশ্বাস কৰে যে এই মন্দিৰত পূজা অৰ্চনা কৰিলে মনোবাঞ্ছা পূৰ্ণ হয় ৷ আমি এই মন্দিৰৰ কাৰণে চৰকাৰৰ পৰা কোনো সাহাৰ্য লাভ কৰা নাই ৷ ভক্তসকলৰ দানবৰঙনিৰে আমি মন্দিৰ পৰিচালনা কৰি আহিছো ৷" </p><p>এগৰাকী ভক্তই কয়, "আমি প্ৰতিবছৰে এই মন্দিৰ দৰ্শন কৰিবলৈ পৰিয়ালসহ আহো ৷ আমি আশাবাদী বিশ্বৰ সকলোৱে যাতে শান্তি সম্প্ৰীতিৰে এই পৃথিৱীত বাস কৰিব পাৰো ৷"</p><p>লগতে পঢ়ক:জাগীৰোডৰ আমকটা পাহাৰত শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা মহোৎসৱ</a></p>
