Surprise Me!

অন্ধ্ৰপ্ৰদেশত ৰহস্যজনকভাৱে মৃত্যু মাজুলীৰ যুৱকৰ

2026-07-18 1 Dailymotion

মাজুলী: কৰ্মসংস্থাপন বিচাৰি নিতৌ বহু যুৱক-যুৱতীয়ে নিজা ঘৰ, নিজা ৰাজ্য এৰি অসমৰ পৰা আন আন ৰাজ্যলৈ ঢাপলি মেলে । আনকি কৰ্মসংস্থাপন বিচাৰি যোৱা বহু যুৱকে বিভিন্ন কাৰণত বহিঃৰাজ্যতে মৃত্যুক আঁকোৱালি লোৱাও দেখিবলৈ পোৱা যায় ৷ শেহতীয়াকৈ তেনে এক ঘটনাই সংঘটিত হৈছে ৷

জানিব পৰা মতে, এইবাৰ মাজুলী জিলাৰ নয়াবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত সোণোৱাল কছাৰী গাঁৱৰ অভিজিৎ সোণোৱাল নামৰ এজন যুৱকৰ বহিঃৰাজ্যত মৃত্যু হৈছে ৷ পৰিয়ালৰ লোকে উল্লেখ কৰা মতে, মঙলবাৰে গাঁৱৰে অন্য তিনিজন যুৱকৰ সৈতে অভিজিতেও জীৱিকাৰ সন্ধানত কেৰালা অভিমুখে ৰাওনা হৈছিল ৷ কিন্তু কেৰালা গৈ পোৱাৰ পূৰ্বেই বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত অন্ধ্ৰপ্ৰদেশৰ কাক্কিনাড়া আৰক্ষীয়ে অভিজিতক মৃত অৱস্থাত উদ্ধাৰ কৰে ।

অভিজিতৰ এই আকস্মিক মৃত্যুক লৈ এতিয়া তীব্ৰ ৰহস্যৰ সৃষ্টি হৈছে । চলন্ত ৰে’লৰ পৰা অসাৱধানবশতঃ পৰি যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ’ল নে ইয়াৰ আঁৰত কোনো চক্ৰ জড়িত হৈ আছে - তাক লৈ পৰিয়ালৰ লোকে গভীৰ সন্দেহ প্ৰকাশ কৰিছে । কোনো দুষ্কৃতিকাৰীয়ে যুৱকজনক ৰে’লৰ পৰা ঠেলি পেলাই দিলে নেকি, তাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে । আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহিব ।

লগতে পঢ়ক :সোণম ৱাংচুকৰ ছবি আঁকিবলৈ চেষ্টা কৰা দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ

লগতে পঢ়ক : নিউ হাফলং ৰে’লৱে ষ্টেচনত ২২০.৬ গ্ৰাম সন্দেহজনক হেৰ’ইনসহ আটক তিনি যুৱকক

Buy Now on CodeCanyon