নগাওঁ: চামগুৰি বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনক লগত লৈ ভোটদান কৰিলে সাংসদ ৰকিবুল হুছেইনে । সাংসদগৰাকীয়ে সপৰিয়ালে কৰৈগুৰী মজলীয়া বিদ্যালয়ৰ ১৯৫ নং ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰি হুছেইনে কয়, "এইটো এটা আমাৰ গণতান্ত্ৰিক অধিকাৰ ৷ এই স্কুলখনতেই মই সদায় ভোট দিওঁ ৷ মোৰ পৰিয়ালে ভোট দিয়ে ৷ আজিও আমি পৰিয়ালৰ সৈতে আহিছো ৷ আমি ভোট দিছো আৰু গণতান্ত্ৰিক যি অধিকাৰ সেয়া সাব্যস্ত কৰিছো ৷

আওপকীয়াকৈ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক কটাক্ষ কৰি সাংসদগৰাকীয়ে এইবাৰৰ নিৰ্বাচনত এফালে ৰাইজ আৰু আনফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী বুলি উল্লেখ কৰি কয়, "এইবাৰ সেইজনৰ বিপৰীতে কোনো দল নাই ৷ ৰাইজৰ সৈতে সেইজনৰ নিৰ্বাচনী যুদ্ধ ৷ গতিকে নিশ্চয়কৈ ৰাইজৰ জয় হ’ব ৷

কংগ্ৰেছ প্ৰাৰ্থী তথা ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনে ভোটাধিকাৰ সাব্যস্ত কৰি সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক

বিধানসভাত নাৰী-যুৱ প্ৰজন্মৰ অধিক অংশগ্ৰহণ বিচাৰে কণ্ঠশিল্পী দীপলিনা ডেকাই

গুৱাহাটী মহানগৰত ভোটাৰৰ মাজত উছাহ, ১০ লাখ ভোটাৰে নিৰ্ণয় কৰিব ২৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য