Surprise Me!

ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ হিলদল ভাঙি ওলাই আহিল চাহ বাগিচাৰ ভোটাৰ

2026-04-09 0 Dailymotion

যোৰহাট: ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটদান পৰ্ব ৯ এপ্ৰিলৰ পুৱা সাত বজাৰ পৰা আৰম্ভ হৈছে ৷ প্ৰতিটো ভোটদান কেন্দ্ৰতে ভোটদাতাৰ দীঘলীয়া শাৰী দেখা গৈছে ৷ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ হিলদল ভাগি আহিছে ৰাজ্যৰ চাহ জনগোষ্ঠী লোকসকল ৷

যোৰহাটৰ চিনামৰা চাহ বাগিচা প্ৰাথমিক বিদ্যালয় কেন্দ্ৰত চাহ জনগোষ্ঠীয় লোকসকলে ভোটগ্ৰহণ কেন্দ্ৰত ভিৰ কৰা দেখিবলৈ পোৱা গৈছিল ৷ যোৰহাটৰ ২৪৫ টা ভোট কেন্দ্ৰত মুঠ ২ লাখ ৫১৪ গৰাকী ভোটাৰে এইবাৰ 102 নং তিতাবৰ বিধানসভাৰ নিৰ্বাচনত পালন কৰিব নিৰ্ণয়ক ভূমিকা ।

উল্লেখ্য যে, নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি আজি ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে নিৰ্ধাৰণ কৰিব । ইয়াৰ ভিতৰত ১,২৫,৩১,৫৫২ গৰাকী পুৰুষ, ১,২৫,২২,৫৯৩ গৰাকী মহিলা আৰু ৩১৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।

লগতে পঢ়ক

ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত বিজেপি কৰ্মীৰ কি কাম ? টিঙিৰিতুলা দেৱব্ৰত শইকীয়া

পুৱা ৭ বজাৰ পৰা আৰম্ভ অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

Buy Now on CodeCanyon